১৮ বছৰৰ অন্তত কলকাতালৈ উভতি আহি আছে তছলিমা নাছৰিন, ১ আগষ্টত সাহিত্য সভাত অংশগ্ৰহণ।

0
8


INNNEWS24.COM | হাটশিঙিমাৰী, দ:শা: মানকাছাৰ: প্ৰায় ১৮ বছৰ ৮ মাহ পূৰ্বে হিংসাত্মক প্ৰতিবাদৰ মাজত কলকাতা এৰিবলৈ বাধ্য হোৱা বাংলাদেশত জন্মগ্ৰহণ কৰা নিৰ্বাসিত লেখিকা তছলিমা নাছৰিন পুনৰ কলকাতালৈ উভতি আহিবলৈ সাজু হৈছে। অহা ৩১ জুলাইত তেওঁ কলকাতাত উপস্থিত হ’ব আৰু ১ আগষ্টত ৰবীন্দ্ৰ সদনত অনুষ্ঠিত হ’বলগীয়া এখন সাহিত্য সভাত অংশগ্ৰহণ কৰিব।


অনুষ্ঠানৰ আয়োজকসকলৰ তথ্য অনুসৰি, এই সাহিত্য সভাত তছলিমা নাছৰিনক সম্বৰ্ধনা জনোৱাৰ সম্ভাৱনা আছে।

পশ্চিমবঙ্গৰ মুখ্য মন্ত্ৰী শ্ৰীশুভেন্দু অধিকাৰীও এই অনুষ্ঠানত উপস্থিত থাকিব পাৰে বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, ২০০৭ চনত কলকাতাত সংঘটিত হিংসাত্মক প্ৰতিবাদৰ পিছত তছলিমা নাছৰিনে চহৰখন এৰিবলৈ বাধ্য হৈছিল। দীৰ্ঘ ১৮ বছৰৰো অধিক সময়ৰ পিছত তেওঁৰ এই পুনৰাগমনক কেন্দ্ৰ কৰি সাহিত্য মহলৰ লগতে সাধাৰণ লোকসকলৰ মাজতো ব্যাপক আগ্ৰহৰ সৃষ্টি হৈছে। — INNNEWS24.COM

LEAVE A REPLY

Please enter your comment!
Please enter your name here