বৰপেটাৰোডৰ স্বজনীকান্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নৈতিক মূল্যবোধ জাগৰণৰ আলোচনা চক্র

0
9

প্ৰদীপ কুমাৰ সৰকাৰ, বৰপেটা,২৯ আগষ্টঃ আনন্দমাৰ্গ প্ৰচাৰক সংঘৰ উদ্যোগত আজি বৰপেটা জিলাৰ অন্তৰ্গত বৰপেটাৰোডৰ স্বজনীকান্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত মানৱিক মূল্যবোধ জাগৰণৰ উদ্দেশ্যৰে এখন গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ অনুষ্ঠিত হৈ যায়। বৰ্তমান সময়ত দিকভ্ৰষ্ট হ’ব ধৰা উদীয়মান ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আদৰ্শবোধ, নৈতিকতা আৰু মনুষ্যত্ববোধ জাগ্ৰত কৰি এখন সুস্থ আদৰ্শ সমাজ প্ৰতিষ্ঠা কৰাই এই কাৰ্যসূচীৰ মূল লক্ষ্য। অনুষ্ঠানত উপস্থিত থকা বক্তাসকলে আলোকপাত কৰে যে আজিৰ ছাত্ৰ-ছাত্ৰীসকলেই দেশৰ ভৱিষ্যতৰ জাতীয় সম্পদ। উপযুক্ত নৈতিক শিক্ষাৰে সুনাগৰিক হিচাপে গঢ়ি উঠিলেহে তেওঁলোকে অনাগত দিনত দেশক সঠিক নেতৃত্ব দিব পাৰিব। আলোচনা চক্ৰখনত আনন্দমাৰ্গ প্ৰচাৰ সংঘৰ আমন্ত্ৰিত সন্ন্যাসী ক্ৰমে আচাৰ্য কৃষ্ণ স্বৰূপানন্দ অৱধূত,আচাৰ্য ব্ৰহ্ম দেৱানন্দ অৱধূত, আচাৰ্য ভক্তি নিষ্ঠানন্দ অৱধূতে উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলক দিকদৰ্শন দিয়ে। অনুষ্ঠানৰ অংশ হিচাপে শিক্ষাৰ্থীসকলৰ স্মৰণ শক্তি বৃদ্ধি আৰু ব্যক্তিত্ব বিকাশৰ বাবে ব্যৱহাৰিক যোগ প্ৰশিক্ষণো প্ৰদান কৰা হয়। পিছে যোগ সাধনাৰ জৰিয়তে শাৰীৰিক সুস্থতা, মানসিক শান্তিপূৰ্ণ বিকাশ, সম্প্ৰীতি, সহিষ্ণুতা আৰু আত্মিক উত্তৰণ কেনেদৰে সম্ভৱ, সেই বিষয়ে বিশেষজ্ঞসকলে বিশদভাৱে বুজাই কয়। উক্ত কাৰ্যসূচীত বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীসকলে উপস্থিত থাকি অশেষ সহযোগিতা আগবঢ়ায়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here