বিশেষ প্ৰতিবেদন, তাচলিম আৰিফ, মানকাচৰ, বজাৰ গাঁও পঞ্চায়ত: মানকাচৰত কঠিন বর্জ্য ব্যৱস্থাপনা (Solid Waste Management) বিষয়ত INNNEWS24.COM-এ ধাৰাবাহিকভাৱে সংবাদ প্ৰকাশ আৰু সম্প্ৰচাৰ কৰাৰ পিছত ইতিবাচক সঁহাৰি দেখা গৈছে। এই সংবাদসমূহৰ প্ৰভাৱত মানকাচৰ বজাৰ গাঁও পঞ্চায়তে কঠিন বর্জ্য ব্যৱস্থাপনা কাৰ্যসূচীৰ অধীনত এক বিশেষ পৰিষ্কাৰ অভিযান আৰম্ভ কৰিছে।
এই অভিযানৰ অংশ হিচাপে পঞ্চায়ত কৰ্তৃপক্ষই বজাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত কেইবাটাও আৱৰ্জনাৰে ভৰি থকা স্থান পৰিষ্কাৰ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে। দীৰ্ঘদিন ধৰি অবৈধভাৱে আৱৰ্জনা পেলোৱাৰ ফলত সৃষ্টি হোৱা অস্বাস্থ্যকৰ পৰিৱেশ দূৰ কৰাৰ উদ্দেশ্যে এই পদক্ষেপক স্থানীয় ৰাইজে আদৰণি জনাইছে।
INNNEWS24.COM-এ সদায় জনস্বাৰ্থ জড়িত বিষয়সমূহ দায়িত্বশীলভাৱে উত্থাপন কৰি আহিছে। এই ইতিবাচক পদক্ষেপে সংবাদ মাধ্যম, জনসাধাৰণ আৰু প্ৰশাসনৰ সমন্বিত প্ৰচেষ্টাৰ জৰিয়তে এখন পৰিষ্কাৰ, সুস্থ আৰু সজাগ সমাজ গঢ়ি তোলাৰ সম্ভাৱনাক পুনৰবাৰ স্পষ্ট কৰিছে।




Good job