বাঘপাৰাত প্ৰায় ৬ কোটি টকাৰ জব্দকৃত মাদক দ্ৰব্য ধ্বংস, ড্ৰাগছৰ বিৰুদ্ধে জিলা আৰক্ষীৰ বৃহৎ অভিযান।

2
13

বিশেষ প্ৰতিবেদন, মজিদুল ইছলাম, বাঘপাৰা: পূৰ্বে জব্দ কৰা বৃহৎ পৰিমাণৰ গাঞ্জা, ইয়াবা টেবলেট, নিষিদ্ধ টেবলেট আৰু কফ চিৰাপ আজি দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ বাঘপাৰাত চৰকাৰী নিয়ম অনুসৰি ধ্বংস কৰা হয়। ধ্বংস কৰা এই জব্দকৃত মাদক দ্ৰব্যসমূহৰ আনুমানিক বজাৰ মূল্য প্ৰায় ৬ কোটি টকা বুলি জানিব পৰা গৈছে।

এই মাদক দ্ৰব্যসমূহ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ চাৰিখন আৰক্ষী থানাই যোৱা বছৰৰ পৰা বৰ্তমানলৈ বিভিন্ন অভিযানত জব্দ কৰা সামগ্ৰী। সমাজখনক মাদকমুক্ত কৰি তুলিবলৈ আৰক্ষীয়ে অব্যাহত ৰখা কঠোৰ অভিযানৰ অংশ হিচাপেই এই ধ্বংসকাৰ্য সম্পন্ন কৰা হৈছে।

INNNEWS24.COM-এ জনস্বাৰ্থ জড়িত প্ৰতিটো গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ ওচৰলৈ সঠিক, নিৰপেক্ষ আৰু দ্ৰুতভাৱে আগবঢ়াই থাকিব।

2 COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here