বিশেষ প্ৰতিবেদন, হাটশিঙীমাৰী, ১৫ জুলাই: দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ফুলেশ্বৰ গাঁও পঞ্চায়তত আজি বিভিন্ন মহিলা আত্মসহায়ক গোটৰ (SHG) সদস্যসকল একত্ৰিত হোৱা পৰিলক্ষিত হয়। জানিব পৰা মতে, এই গোট খোৱাৰ মূল কাৰণটো হৈছে আধাৰ সংযোগ (Aadhaar Seeding) কৰা। চৰকাৰী নিয়ম অনুসৰি আধাৰ কাৰ্ড সংযোগ বাধ্যতামূলক হোৱাৰ বাবেই আজি গাঁও পঞ্চায়তখনৰ অধীনৰ মহিলাসকলে বিষয়াৰ সমুখত নিজৰ আধাৰ সংযোগৰ কামখিনি সম্পূৰ্ণ কৰিবলৈ ইয়াত গোট খাইছে।
হাতশিঙীমাৰীৰ পৰা INN News 24-ৰ ৰিপ’ৰ্ট।



