বিশেষ প্ৰতিবেদন, তাচলিম আৰিফ, INNNEWS24.COM –মেঘালয় সীমান্তৰ বিভিন্ন অঞ্চলত বিগত এবছৰ ধৰি সৃষ্টি হোৱা উত্তেজনাই সীমান্তবাসীৰ দৈনন্দিন জীৱনত প্ৰভাৱ পেলাই আহিছে। সীমা-সংক্ৰান্ত মতানৈক্য, প্ৰশাসনিক ব্যৱস্থা আৰু বিভিন্ন ঘটনাক কেন্দ্ৰ কৰি মাজে মাজে উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈছে। যদিও দুয়োখন ৰাজ্যৰ চৰকাৰে আলোচনাৰ জৰিয়তে স্থায়ী সমাধানৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে, সীমান্তবাসীয়ে এতিয়াও শান্তিপূৰ্ণ আৰু স্থায়ী সমাধানৰ অপেক্ষাত আছে।



