বিশেষ প্ৰতিবেদন, আজিজুৰ ৰহমান, হাটশিঙিমাৰী: অসম চৰকাৰৰ অতি জনপ্ৰিয় ‘অৰুণোদয়’ আঁচনিৰ পৰা নাম কৰ্তন হোৱাৰ পিছতেই ফুলেৰচৰ (Part-III) গাওঁৰ বহু দৰিদ্ৰ বৃদ্ধ-বৃদ্ধা এতিয়া এক অবৰ্ণনীয় সংকটৰ সন্মুখীন হৈছে। বিগত সময়ত চৰকাৰৰ পৰা লাভ কৰা আৰ্থিক সাহার্য্যৰ দ্বাৰাই এই লোকসকলে নিজৰ চিকিৎসাৰ খৰচ আৰু জীৱিকাৰ ব্যৱস্থা কৰি আহিছিল। কিন্তু বৰ্তমান নাম কৰ্তন হোৱাৰ ফলত তেওঁলোকৰ বাবে দুবেলা দুমুঠি অন্ন সংস্থান কৰাই কঠিন হৈ পৰিছে।


