বড়ায়ালগাৰ স্বাস্থ্য উপ-কেন্দ্ৰ এতিয়া নিচাখোৰ ৰ ঘাটি! প্ৰশাসনৰ নিৰৱতাত ক্ষোভিত স্থানীয় ৰাইজ।

0
11

বিশেষ প্ৰতিবেদন, আজিজুৰ ৰহমান, হাটশিঙিমাৰী: দ: শালমাৰা-মানকাচৰ জিলাৰ বড়ায়ালগাৰ এলেকাৰ স্বাস্থ্য কেন্দ্ৰটোৰ (সাব-চেন্টাৰ) দৰে এক অতি গুৰুত্বপূৰ্ণ চৰকাৰী প্ৰতিষ্ঠান এতিয়া সমাজবিৰোধীৰ কবলত। দিনৰ পোহৰতে মুকলিকৈ চলিছে ড্ৰাগছৰ বেহা, জুৱা (তাচ খেলা) আৰু বিভিন্ন অসামাজিক কাৰ্যকলাপ। চৰকাৰী এই স্বাস্থ্যকেন্দ্ৰটোৰ পৱিত্ৰতা ৰক্ষা কৰিবলৈ গৈ স্থানীয় সচেতন নাগৰিকসকল এতিয়া ত্ৰাসৰ মাজত দিন পাৰ কৰিছে।

প্ৰশাসনৰ কাষ চাপিও পোৱা নাই সুফল:
স্থানীয় লোকৰ অভিযোগ অনুসৰি, দীৰ্ঘদিন ধৰি এই অসামাজিক কাৰ্যকলাপ চলি আহিছে যদিও প্ৰশাসনে কোনো ব্যৱস্থাই লোৱা নাই। ভুক্তভোগী ৰাইজে বিষয়টোৰ সন্দৰ্ভত জিলা উপায়ুক্তৰ (DC) কাৰ্যালয়ত লিখিত অভিযোগ দাখিল কৰিছিল। কিন্তু অভিযোগ দাখিল কৰাৰ দীৰ্ঘদিন পাৰ হৈ গ’লেও প্ৰশাসনৰ তৰফৰ পৰা কোনো ধৰণৰ কাৰ্যকৰী পদক্ষেপ বা তদন্ত গ্ৰহণ নকৰাত ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here