মানকাচৰ বজাৰ গাঁও পঞ্চায়তত SWM আঁচনিৰ শুভাৰম্ভ: পৰিৱেশ ৰক্ষাৰ স্বাৰ্থত ঘৰে ঘৰে আৱৰ্জনা সংগ্ৰহ

0
10


বিশেষ প্ৰতিবেদন, তাচলিম আৰিফ, মানকাচৰ: পৰিৱেশ প্ৰদূষণ ৰোধ কৰা আৰু সমগ্ৰ অঞ্চলটোক আৱৰ্জনামুক্ত তথা পৰিষ্কাৰ কৰি ৰখাৰ লক্ষ্যৰে মানকাচৰ বজাৰ গাঁও পঞ্চায়তে এক নতুন পদক্ষেপ গ্ৰহণ কৰিছে। ১ জুলাইৰ পৰা আনুষ্ঠানিকভাৱে সমগ্ৰ পঞ্চায়ত এলেকাত ‘সলিড ৱেষ্ট মেনেজমেন্ট’ (SWM – Solid Waste Management) বা আধুনিক আৱৰ্জনা ব্যৱস্থাপনা আঁচনি কাৰ্যকৰী কৰা হৈছে।
উদ্যোগ আৰু ব্যৱস্থাপনা:
পঞ্চায়ত কাৰ্যালয়ৰ সূত্ৰ অনুসৰি, এই আঁচনিৰ মূল উদ্দেশ্য হৈছে গাঁওসমূহক পৰিষ্কাৰ কৰি ৰখা। এই প্ৰকল্পৰ অধীনত এতিয়াৰে পৰা প্ৰতিটো ঘৰলৈ গৈ পঞ্চায়তৰ প্ৰতিনিধিয়ে আৱৰ্জনা সংগ্ৰহ কৰিছে। এই প্ৰক্ৰিয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ’ল ‘আৱৰ্জনা পৃথকীকৰণ’। অৰ্থাৎ, ঘৰুৱা পচনশীল (কেঁচা) আৰু অপচনশীল (শুকান) আৱৰ্জনা পৃথকভাৱে সংগ্ৰহ কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে।

জনসাধাৰণৰ প্ৰতি আহ্বান:
১. পচনশীল আৰু অপচনশীল আৱৰ্জনা পৃথককৈ ৰাখক।
২. যধে-মধে আৱৰ্জনা নেপেলাব।
৩. পঞ্চায়তৰ কৰ্মীসকলক সহযোগিতা কৰক।
আহক, আমি সকলোৱে মিলি মানকাচৰক পৰিষ্কাৰ আৰু সেউজীয়া কৰি তোলো।

LEAVE A REPLY

Please enter your comment!
Please enter your name here