বিশেষ প্ৰতিবেদন, হাসোৰানি, হাটশিঙিমাৰী, innnews24.com: হাটশিঙিমাৰী ছুপাৰ মাৰ্কেটৰ মূল পথটো দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ অৱস্থাত থকাৰ ফলত ব্যৱসায়ী, পথচাৰী আৰু যাতায়াতকাৰী ৰাইজে প্ৰতিদিনে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। বৰষুণৰ সময়ত পথটোত পানী জমা হৈ কাদা-পানীৰ সৃষ্টি হোৱাত পৰিস্থিতি আৰু অধিক জটিল হৈ পৰে। স্থানীয় ৰাইজে জনসাধাৰণৰ স্বার্থত অতি শীঘ্ৰে পথটো মেৰামতি কৰি যাতায়াতৰ উপযোগী কৰাৰ বাবে সংশ্লিষ্ট বিভাগ আৰু চৰকাৰক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।



