গুৱাহাটী: জাপানৰ প্ৰধানমন্ত্ৰী ছানাই টাকাইচিৰ অসম ভ্ৰমণ বিশেষ কাৰণত স্থগিত হ’লেও ৰাজ্যখনৰ সৈতে জাপানৰ সহযোগিতাৰ ধাৰাবাহিকতা অব্যাহত থকাৰ স্পষ্ট ইংগিত দিছে জাপানৰ ৰাষ্ট্ৰদূতে। এই কথা শুকুৰবাৰে সামাজিক মাধ্যমত প্ৰকাশ কৰে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
মুখ্যমন্ত্ৰীয়ে জনোৱা অনুসৰি, বৃহস্পতিবাৰে জাপানৰ ৰাষ্ট্ৰদূত কেঈচি অ’নোৰ সৈতে তেওঁৰ এক আন্তৰিক আৰু ফলপ্ৰসূ টেলিফোনিক আলোচনা অনুষ্ঠিত হয়। আলোচনাত ভাৰতৰ ‘এক্ট ইষ্ট পলিচী’ৰ অধীনত অসমৰ সৈতে জাপানৰ চলি থকা অংশীদাৰিত্ব আৰু উন্নয়নমূলক সহযোগিতা অধিক সুদৃঢ় কৰাৰ ক্ষেত্ৰত জাপান চৰকাৰৰ দৃঢ় প্ৰতিশ্ৰুতি পুনৰ ব্যক্ত কৰে ৰাষ্ট্ৰদূতে।
মুখ্যমন্ত্ৰীয়ে কয় যে, অসম আৰু জাপানৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক ভৱিষ্যতেও অধিক শক্তিশালী হোৱাৰ দিশত এই আলোচনা এক ইতিবাচক পদক্ষেপ হিচাপে বিবেচিত হৈছে।


