Newsdesk, INNNEWS24.COM, ২২ জুলাইঃ অসমে পুনৰবাৰ ভাৰতৰ ইতিহাসত নিজৰ নাম উজ্জ্বল কৰিলে। গুৱাহাটীৰ যুৱ এৰ’স্পেচ অভিযন্তা বেদ প্ৰকাশে ভাৰতৰ প্ৰথম ব্যক্তিগতভাৱে বিকশিত অৰ্বিটেল-শ্ৰেণীৰ ৰকেট ‘বিক্ৰম-১’ৰ সফল উৎক্ষেপণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি সমগ্ৰ ৰাজ্যখনক গৌৰৱান্বিত কৰিছে।
হায়দৰাবাদস্থিত স্পেচ-টেক ষ্টাৰ্টআপ Skyroot Aerospace-এ নিৰ্মাণ কৰা ‘বিক্ৰম-১’ ৰকেটখন ১৮ জুলাই, ২০২৬ তাৰিখে সফলভাৱে উৎক্ষেপণ কৰে। এই সফলতাই ভাৰতক বিশ্বৰ সেই কেইখনমান দেশৰ শাৰীলৈ আগবঢ়াইছে, যিয়ে ব্যক্তিগত খণ্ডৰ জৰিয়তে অৰ্বিটেল উৎক্ষেপণ সক্ষমতা লাভ কৰিছে।
বৰ্তমান Skyroot Aerospace-ত Mission and Guidance, Navigation and Control (GNC) Engineer হিচাপে কৰ্মৰত বেদ প্ৰকাশ এই ঐতিহাসিক অভিযানটোৰ সৈতে বিগত চাৰি বছৰে জড়িত হৈ আছে। উল্লেখযোগ্য যে, ‘বিক্ৰম-১’ প্ৰকল্পৰ সৈতে জড়িত দলটোৰ একমাত্ৰ অসমীয়া সদস্য বেদ প্ৰকাশেই। তেওঁ ৰকেটখনৰ অতি জটিল Guidance, Navigation and Control (GNC) ব্যৱস্থাৰ বিকাশ আৰু সফল ৰূপায়ণত অন্যতম মুখ্য অৱদান আগবঢ়াইছে।
বিক্ৰম-১ৰ সফল উৎক্ষেপণে ভাৰতৰ ব্যক্তিগত মহাকাশ খণ্ডৰ বাবে এক নতুন অধ্যায়ৰ সূচনা কৰাৰ লগতে দেশখনৰ বাণিজ্যিক মহাকাশ উদ্যোগকো এক নতুন গতি প্ৰদান কৰিছে। আনহাতে, এজন অসমীয়া যুৱকে এই ঐতিহাসিক মুহূৰ্তৰ অংশীদাৰ হোৱাত সমগ্ৰ অসমবাসীয়ে গৌৰৱ অনুভৱ কৰিছে।
বেদ প্ৰকাশৰ এই অসাধাৰণ সফলতাই অসমৰ নতুন প্ৰজন্মক বিজ্ঞান, প্ৰযুক্তি আৰু মহাকাশ গৱেষণাৰ ক্ষেত্ৰত আগবাঢ়িবলৈ অনুপ্ৰেৰণা যোগাব বুলি আশা কৰা হৈছে।
— INNNEWS24.COM | সত্যৰ সৈতে সদায়!



