বিশেষ প্ৰতিবেদন, হাসো ৰানী, innnews24.com, হাটশিঙিমাৰী: দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ হাটশিঙিমাৰী মহাবিদ্যালয়ত প্ৰধানমন্ত্ৰী কলেজৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক বিশেষ ভাৰ্চুৱেল মতবিনিময় অনুষ্ঠান অনুষ্ঠিত হয়। ‘খেল কি বাত’ শীৰ্ষক কাৰ্যসূচীৰ জৰিয়তে অনুষ্ঠিত এই অনুষ্ঠানত মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে উৎসাহেৰে অংশগ্ৰহণ কৰে।
অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যুৱ প্ৰজন্মৰ শিক্ষা আৰু দক্ষতা বিকাশৰ লগতে ক্ৰীড়াৰ গুৰুত্ব আৰু খেলৰ জৰিয়তে যুৱ সমাজৰ শাৰীৰিক-মানসিক বিকাশৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে। তেওঁ ছাত্ৰ-ছাত্ৰীসকলক পঢ়া-শুনাৰ সমান্তৰালভাৱে ক্ৰীড়াৰ সৈতে জড়িত হৈ সুস্থ আৰু আত্মবিশ্বাসী জীৱন গঢ়িবলৈ উৎসাহিত কৰে।
প্ৰধানমন্ত্ৰীৰ বক্তব্যই উপস্থিত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত উৎসাহ আৰু নতুন উদ্যমৰ সৃষ্টি কৰে। দেশৰ প্ৰধানমন্ত্ৰীৰ সৈতে ভাৰ্চুৱেল মাধ্যমত মতবিনিময়ৰ সুযোগ লাভ কৰাটো ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এক বিশেষ অভিজ্ঞতা হিচাপে পৰিগণিত হয়।
অনুষ্ঠানত মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলেও অংশগ্ৰহণ কৰে। এনে কাৰ্যসূচীয়ে ছাত্ৰ-ছাত্ৰীসকলক শিক্ষা, ক্ৰীড়া, দক্ষতা আৰু আত্মবিশ্বাসেৰে ভৱিষ্যতৰ দিশে আগবাঢ়িবলৈ অনুপ্ৰাণিত কৰিব বুলি মহাবিদ্যালয় কৰ্তৃপক্ষই আশা প্ৰকাশ কৰে।



