বিশেষ প্ৰতিবেদন, INNNEWS24.COM: এগৰাকী শিক্ষাৰ্থী হিচাপে আৰম্ভ হোৱা যাত্ৰাই আজি তেওঁক এগৰাকী শিক্ষাগুৰু আৰু অৱশেষত S Ali Higher Secondary School, সুখচৰ, দক্ষিণ শালমাৰা-মানকাচৰৰ ভাৰপ্ৰাপ্ত অধ্যক্ষৰ দায়িত্বলৈ লৈ আহিছে। আমি কথা কৈছোঁ ছাহেবা বেগমৰ কথা।
দীৰ্ঘদিন ধৰি বিদ্যালয়খনৰ সৈতে আত্মিকভাৱে জড়িত হৈ, নিজৰ বিদ্যালয় বুলি অনুভৱ কৰি মমতা, দায়িত্ববোধ আৰু ownership-ৰ মানসিকতাৰে বিদ্যালয়খন পৰিচালনা কৰি আহিছে তেওঁ। শিক্ষাৰ্থীৰ প্ৰতি মৰম, সহকৰ্মীৰ প্ৰতি সহযোগিতা আৰু বিদ্যালয়খনৰ উন্নতিৰ প্ৰতি দায়বদ্ধতাই তেওঁৰ এই দীঘলীয়া যাত্ৰাক কৰি তুলিছে বিশেষ আৰু অনুপ্ৰেৰণাদায়ক।
এগৰাকী ছাত্ৰীৰ পৰা শিক্ষাগুৰু, আৰু শিক্ষাগুৰুৰ পৰা বিদ্যালয়ৰ নেতৃত্বলৈ—এই যাত্ৰা কেৱল এটা পদবীৰ পৰিৱৰ্তন নহয়; ই হৈছে নিষ্ঠা, পৰিশ্ৰম, মৰম আৰু শিক্ষাৰ প্ৰতি অটুট দায়বদ্ধতাৰ এক জীৱন্ত উদাহৰণ।


