FCRA 2.0 — ভাৰতৰ স্বাৰ্থত কিয় গুৰুত্বপূৰ্ণ? আৰু আমেৰিকাত কিয় আপত্তি?

0
7


Newsdesk, INNNEWS24.COM: বিদেশৰ পৰা ভাৰতলৈ অহা ধন কেৱল দান নহয়—ইয়াৰ সৈতে জড়িত থাকে স্বচ্ছতা, জাতীয় নিৰাপত্তা, জবাবদিহিতা আৰু বিদেশী প্ৰভাৱৰ প্ৰশ্ন। সেইবাবেই FCRA 2.0-ৰ জৰিয়তে বিদেশী অনুদানৰ ব্যৱহাৰ অধিক স্বচ্ছ আৰু কঠোৰভাৱে নিৰীক্ষণ কৰাৰ চেষ্টা কৰা হৈছে। চৰকাৰৰ মতে, ভুল উদ্দেশ্যত অহা বিদেশী পুঁজি ৰোধ কৰা আৰু সঠিক কামত ব্যৱহাৰ নিশ্চিত কৰাটো ইয়াৰ অন্যতম উদ্দেশ্য।
কিন্তু প্ৰস্তাৱিত সংশোধনীক লৈ আমেৰিকাৰ কিছুমান আইনপ্ৰণেতাই উদ্বেগ প্ৰকাশ কৰিছে। তেওঁলোকৰ আশংকা—নতুন ব্যৱস্থাই বিদেশী পুঁজি লাভ কৰা NGO, civil society আৰু বিশেষকৈ কিছুমান ধৰ্মীয় সংগঠনৰ কামত প্ৰভাৱ পেলাব পাৰে।
ভাৰতীয় পক্ষৰ যুক্তি হৈছে—ভাৰতৰ আইন ভাৰতীয় স্বাৰ্বভৌমত্ব আৰু জাতীয় স্বাৰ্থৰ ভিত্তিত নিৰ্ধাৰিত হ’ব লাগে। ভাৰতৰ আমেৰিকাস্থিত ৰাষ্ট্ৰদূত বিনয় মোহন কোৱাত্ৰাইও কৈছে যে FCRA পৰিৱৰ্তন কোনো ধৰ্ম বা সম্প্ৰদায়ক লক্ষ্য কৰি নহয়; উদ্দেশ্য হৈছে স্বচ্ছতা, জবাবদিহিতা আৰু বিদেশী পুঁজিৰ সঠিক ব্যৱহাৰ নিশ্চিত কৰা। তেওঁ উল্লেখ কৰিছে যে আমেৰিকাতো বিদেশী প্ৰভাৱ আৰু বিদেশী পুঁজিৰ ক্ষেত্ৰত নিজস্ব নিয়ন্ত্ৰণমূলক আইন আছে।
❓ তেন্তে প্ৰশ্নটো হ’ল—ভাৰতৰ ভিতৰলৈ অহা বিদেশী ধনৰ ওপৰত ভাৰতেই অধিক স্বচ্ছ আৰু জবাবদিহিমূলক নিয়ন্ত্ৰণ ৰাখিব নালাগেনে?
👉 বিদেশী অনুদান থাকক, কিন্তু স্বচ্ছতা আৰু ভাৰতৰ স্বাৰ্থৰ সৈতে আপোচ নকৰাকৈ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here