Newsdesk, INNNEWS24.COM: মানকাচৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত সময়মতে বিষয়া-কৰ্মচাৰীৰ উপস্থিতি নথকাৰ অভিযোগত ক্ষোভ প্ৰকাশ কৰিছে সাধাৰণ ৰাইজে। প্ৰয়োজনীয় নথি-পত্ৰ আৰু চৰকাৰী কাম-কাজৰ বাবে দূৰ-দূৰণিৰ পৰা অহা বহু লোকে ঘণ্টাৰ পিছত ঘণ্টা অপেক্ষা কৰিবলগীয়া হোৱাৰ অভিযোগ উত্থাপন কৰিছে।
ঘটনাৰ বুজ ল’বলৈ INNNEWS24.COM-ৰ সংবাদদাতাই কাৰ্যালয়ৰ দায়িত্বশীল ব্যক্তিৰ সৈতে যোগাযোগ কৰাত তেওঁ জনায় যে, জৰুৰী কামত কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীসকল জিলা উপায়ুক্ত (DC) কাৰ্যালয়লৈ গৈছে। সেইবাবেই কাৰ্যালয়ৰ স্বাভাৱিক কাম-কাজ সাময়িকভাৱে ব্যাহত হৈছে।
কিন্তু, পূৰ্বাহ্নতেই কাৰ্যালয়ত উপস্থিত হৈ অপেক্ষা কৰি থকা সাধাৰণ ৰাইজে এনে পৰিস্থিতিক লৈ অসন্তোষ প্ৰকাশ কৰিছে। জৰুৰী সভা বা চৰকাৰী কাম থাকিলে জনসাধাৰণক আগতীয়াকৈ অৱগত কৰাৰ ব্যৱস্থা থকাটো উচিত বুলিও তেওঁলোকে মত প্ৰকাশ কৰে।
INNNEWS24.COM — সত্যৰ সৈতে সদায়!


