HM পথ নিৰ্মাণ প্ৰকল্পৰ বাবে ভূমি অধিগ্ৰহণৰ কাম আৰম্ভ।

0
11

বিশেষ প্ৰতিবেদন, তাচলিম আৰিফ, মানকাছাৰ: HM পথ নিৰ্মাণ প্ৰকল্পৰ অংশ হিচাপে আজি ভূমি অধিগ্ৰহণৰ কাম আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হৈছে। এই পদক্ষেপৰ জৰিয়তে বহুদিনীয়া যাতায়াত সমস্যাৰ সমাধানৰ দিশত এক গুৰুত্বপূৰ্ণ অগ্ৰগতি আশা কৰা হৈছে।
স্থানীয় প্ৰশাসনৰ তত্ত্বাৱধানত সংশ্লিষ্ট বিষয়াসকলৰ উপস্থিতিত ভূমি অধিগ্ৰহণৰ প্ৰক্ৰিয়া চলি আছে। পথ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছত অঞ্চলটোৰ যোগাযোগ ব্যৱস্থা অধিক উন্নত হোৱাৰ লগতে সাধাৰণ ৰাইজৰ যাতায়াত অধিক সহজ আৰু সুৰক্ষিত হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে।
INN NEWS 24-ৰ সৈতে সংযুক্ত থাকক। আমি আপোনালোকলৈ এই বিষয়ৰ সকলো শেহতীয়া আপডেট পোনপটীয়াকৈ আগবঢ়াই থাকিম।

LEAVE A REPLY

Please enter your comment!
Please enter your name here