অৰুণাচলৰ ধাৰাসাৰ বৰষুণে বৃদ্ধি কৰিলে বিপদ: ৰঙানদী প্ৰকল্পৰ একাধিক গেট মুকলি, অসমৰ এই জিলাত বানৰ উচ্চ সতৰ্কতা

0
15

অৰুণাচল প্ৰদেশত অব্যাহত ধাৰাসাৰ বৰষুণৰ ফলত বান পৰিস্থিতিয়ে উদ্বেগজনক ৰূপ ধাৰণ কৰিছে। পানীৰ চাপ বৃদ্ধি পোৱাত ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ একাধিক গেট মুকলি কৰা হৈছে, যাৰ ফলত অসমৰ এখন জিলাত ভয়ংকৰ বানৰ আশংকা বৃদ্ধি পাইছে।

ইফালে, প্ৰচণ্ড বৰষুণৰ বাবে নিৰ্মাণাধীন এটা ৰিটেইনিং ৱাল হঠাতে ভাঙি পৰাত বৃহৎ পৰিমাণৰ পানী ওচৰৰ কলনী আৰু সংলগ্ন তলভূমিৰ আৱাসিক অঞ্চলসমূহত সোমাই পৰে। ঘটনাটোৰ পিছত স্থানীয় লোকসকলৰ মাজত আতংকৰ সৃষ্টি হৈছে আৰু প্ৰশাসনে পৰিস্থিতিৰ ওপৰত কটকটীয়া নজৰ ৰাখিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here